গুৱাহাটী, ৩০ জানুৱাৰীঃবিশ্বৰ বহু শীৰ্ষ নেতাৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’ব জি২০ ছামিট ২০২৩৷২৯ খন দেশে অংশগ্ৰহণ কৰিবলগীয়া এই বৈঠকৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটীত উৎসুকতা বৃদ্ধি পোৱাৰ লগতে নতুন ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰৰ চৌদিশ৷ ইতিমধ্যে শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে পদপথৰ দেৱালসমুহ৷ মহানগৰৰ প্ৰতিটো পথ- উপপথ সুন্দৰকৈ সজাই তোলাৰ লগতে পথত নতুন ৰং সানি পুৰণি বেনাৰ, হোৰ্ডিং আদি আঁতৰ কৰা হৈছে৷
চহৰখনৰ প্ৰতিটো ডিভাইডাৰ আৰু সকলো ফ্লাইঅভাৰ ৰঙীণ ৰূপত সজাই তোলা হৈছে৷ টিচি স্কুল, বি বৰুৱা মহাবিদ্যালয়, কটন কলেজিয়েট স্কুলৰ দেৱালত অংকন কৰা হৈছে সুন্দৰ ছবি৷কটন কলেজিয়েট স্কুলৰ দেৱালত ডিমা হাছাওৰ একাংশ শিল্পীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অংকন কৰিছে৷ঠিক তেনেদৰে আকৰ্ষণীয় ৰূপত সজাই তোল হৈছে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷
বিমানবন্দৰৰ চৌদিশ সজাই তোলাৰ লগতে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত পৰিচালনা সমিতিয়ে বিমানবন্দৰৰ পৰা পৰিচালনা কৰা টেি’চালক সকলৰ বাবে এক এদিনীয়া সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰে৷ চালকসকলক পৰ্যটকসকলক চম্ভালি থাকোঁতে ভাল আচৰণ আৰু অন্যান্য শিষ্টাচাৰৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়৷ এই প্ৰশিক্ষণত সময়ানুৱৰ্তীতা, ভাল পোছাক পিন্ধা আৰু আপ-টু-ডেট তথ্যৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল৷
উল্লেখযোগ্য যে, জি২০ ছামিটলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ৷ তেনে অৱস্থাত দেশৰ প্ৰতিনিধিৰ মাজত নিজৰ ৰাজ্যখন সুন্দৰকৈ দেখুওৱাৰ বাবে ল’ব লগা সকলো ব্যৱস্থা ইতিমধ্যে সাজু কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, পৰ্যটন, বাণিজ্য তথা গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমক ভাগে-ভাগে দিয়া হৈছিল দায়িত্ব৷ যাৰল পৰিপেক্ষিতত এতিয়া দায়িত্ব পালন কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিটো বিভাগ৷
Comments