গুৱাহাটী, ৩০ জানুৱাৰীঃ ডিব্ৰুগড় জিলাৰ বৰপথাৰ দীঘলা গাৱঁৰ ব্যক্তি ধীৰাজ বিকাশ গগৈ, যাৰ অনুপ্ৰেৰণাদায়ক কাহিনীয়ে সকলোৰে উৎসাহিত কৰিব। ৩৮ বছৰীয়া ধীৰাজে ২০০৪ চনত উচ্চতৰ মাধ্যমিকৰ অন্তত অৰ্থ উপাৰ্জনৰ বাবে অ'ট ৰিক্সা চলাবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত অৰুণাচলৰ ট্যুৰ অপাৰেটৰ লৰেঞ্চ ক্ৰজু ৰ লগত টেক্সি ড্ৰাইভাৰ হিচাবে যোগদান কৰি ধীৰাজে পৰ্যটক সকলৰ লগত গাড়ী চালক হিচাবে বিভিন্ন ঠাইত ঘুৰি ফুৰাৰ সুবিধা লাভ কৰে। অমায়িক স্বভাৱৰ ধীৰাজে সুবিধাৰ সদব্যৱহাৰ কৰি এজন গাইডৰ গুণখিনি আয়ত্ব কৰাৰ লগতে ইংৰাজী বা অন্যভাষা খিনিও ক'ব পৰাকৈ শিকা আৰম্ভ কৰে। এনেদৰে পিছত আকৌ ধীৰাজে ডিব্ৰুগড়ৰ পৰা চিলাপথাৰলৈ নাইটচুপাৰ চলাবলৈ লয়। ২০১৩ চনলৈকে ধীৰাজে লৰেঞ্চ ক্ৰজৰ লগতে থাকি ২০১৪ চনত Bharat India Travels ত চেন্নাইত Tourists Guide হিচাবে যোগদান কৰে। য'ত। তেওঁ প্ৰথম বাৰ টেক্সি ড্ৰাইভাৰৰ পৰা গাইড হোৱাৰ সুযোগ লাভ কৰে।
ফটো কৃতজ্ঞতাঃ বিতোপন নেওগ৷ ফেইচ বুক
গাইড তথা ড্ৰাইভাৰ হিচাপে ধীৰাজে প্ৰথমবাৰৰ বাবে ১১ জন বিদেশী পৰ্যটকক সেৱা আগবঢ়ায়। পিছত বিদায় লোৱাৰ সময়ত কেইগৰাকীমান বিদেশী পৰ্যটক গাইড ধীৰাজৰ সেৱাত সুখী হৈ টিপছ হিচাপে ভাৰতীয় টকাৰ হিচাপত ৬ লাখ টকা আগবঢ়ায়। ধীৰাজে সেই ৬ লাখ টকা আৰু কিছু সঞ্চয়ৰ ধন হাতত লৈ শেহতীয়াকৈ পৰ্যটকৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত চলাবৰ বাবে জাহাজ তৈয়াৰ কৰাৰ পৰিকল্পনা হাতত লয়। ২০১৭ চনত সেই পৰিকল্পনাৰে হাতত লোৱা প্ৰচেষ্টাই ২০২১ চনত সাকাৰ ৰূপ পায় আৰু বৰ্তমান ধীৰাজৰ নদী জাহাজ এখনৰ পৰা দুখনলৈ বৃদ্ধি হয় আৰু পৰ্যটকৰ মাজত ধীৰাজ বিকাশ গগৈ ABCD EXPLORATION খুব জনপ্ৰিয় হৈছে। ডিব্ৰুগড়ৰ পৰা পৰ্যটককলৈ শিৱসাগৰ, নিমাতি, কাজিৰঙা, গুৱাহাটীলৈ তেওঁৰ জলযাত্ৰা একেৰাহে চলি আছে। বৰ্তমান এই হাঁহিমুখীয়া অমায়িক স্বভাৱৰ ল'ৰাজনৰ কঠোৰ যাত্ৰাৰ কাহিনীয়ে সকলোকে অনুপ্রাণিত কৰিছে।
Comments