গুৱাহাটী,৩০ জানুৱাৰী:পাকিস্তানৰ পেছোৱাৰৰ এটা মছজিদৰ ভিতৰত হোৱা বিস্ফোৰণত কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১২০ জন আহত হয় । নিৰাপত্তা বিষয়াসকলৰ সূত্ৰৰ উদ্ধৃতি কৰি জনোৱা হৈছে যে, দুপৰীয়া প্ৰায় ১.৪০ বজাত পুলিচ লাইনছ অঞ্চলৰ মছজিদত এই বিস্ফোৰণ সংঘটিত হয় । সেই সময়ত মছজিদটোত জহুৰৰ নামাজ বা দুপৰীয়াৰ প্ৰাৰ্থনাৰ সময়ত সন্মুখৰ শাৰীত উপস্থিত থকা এজন আত্মঘাতী বোমাৰুৱে নিজকে বোমাৰে উৰুৱাই দিয়ে।
আনহাতে, উপায়ুক্ত চফিউল্লাহ খানৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে যে এই শক্তিশালী বিস্ফোৰণত ২৫ জন লোক নিহত আৰু ১২০ জন আহত হয় । আহতসকলৰ ভিতৰত বেছিভাগ আৰক্ষীৰ লোক বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । অৱশ্যে এই পৰ্যন্ত কোনো উগ্ৰপন্থী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । উল্লেখ্য যে পাকিস্তান তালিবান নামেৰে জনাজাত অবৈধ তেহৰিক-ই-তালিবান পাকিস্তানে পূৰ্বতেও নিৰাপত্তাৰক্ষীসকলক লক্ষ্য কৰি এনেধৰণৰ কেইবাটাও আত্মঘাতী আক্ৰমণ চলাইছিল।
ইফালে মছজিদটোৰ কাষতে কাৰ্যালয় থকা পেছোৱাৰৰ আৰক্ষী অধীক্ষক (অনুসন্ধান) চাজাদ কাউকাবে সংবাদ মাধ্যমক জনায় যে, তেওঁ প্ৰাৰ্থনা কৰিবলৈ মছজিদত প্ৰৱেশ কৰাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । সৌভাগ্যক্ৰমে তেওঁ উক্ত আক্ৰমণৰ পৰা বাচি যোৱা বুলিও তেওঁ প্ৰকাশ কৰে । উল্লেখ্য যে আত্মঘাতী বোমাৰুজনে পুলিচ লাইনৰ ভিতৰত থকা অত্যন্ত সুৰক্ষিত এই মছজিদটোত প্ৰৱেশ কৰিছিল, য'ত মছজিদটোত প্ৰৱেশ পথত চাৰিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা আছিল ।
Comments