গুৱাহাটী, ৩০ জানুৱাৰীঃআজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজেই সংবাদ মেল সম্বোধন কৰি ইয়াৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে।আজিৰ কেবিনেটে ডিব্ৰুগড়ৰ বাবে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে।
কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হ’ল --
▶কৃষি খণ্ডক সামৰি গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত।বৈঠকত ৰাজ্যৰ ফুলৰ বজাৰখনত গুৰুত্ব আৰোপ কৰা হয়।ৰাজ্যত থকা ফুলৰ বজাৰখনৰ চাহিদালৈ লক্ষ্য কৰি অসমত প্ৰায় ২০,০০০ কৃষকক এই খেতিত কৰিব।আৰম্ভণি অৱস্থাত ১৫০ কোটি টকা ৰাজ্য চৰকাৰে ইয়াৰ বাবে খৰচ কৰিব।
▶অহা ১৪ এপ্ৰিলত ব'হাগ বিহু উপলক্ষে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিতে প্ৰায় ১৫ হাজাৰ যুৱক-যুৱতীৰ বিহু নৃত্যৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্টকৰণৰ চেষ্টা চলোৱা হ'ব।বৈঠকত ইয়াৰ বাবে চাৰিজনীয়া কেবিনেট কমিটী গঠন কৰা হয়।
▶কেবিনেটত ৰাজ্যৰ নতুন উদ্যোগ নীতিকলৈও আলোচনা।পৰৱৰ্তী কেবিনেটত নতুন উদ্যোগ নীতিৰ গ্রহণ কৰা হ’ব।
▶জিলা নিয়োগ বিনিময় কেন্দ্রসমূহ জিলা যুৱ কল্যাণ কেন্দ্রলৈ ৰূপান্তৰিত হ’ব।
▶দিছপুৰৰ মুখ্যমন্ত্রী কাৰ্যালয় ডিব্রুগড়ৰ পৰাও কাৰ্যকৰী হ’ব।ডিব্রুগড়ত স্থাপন হ’ব মুখ্যমন্ত্রীৰ কাৰ্যালয়।
▶তেজপুৰত ৰাজভৱন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ।
▶জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ পদবীৰ নতুনকৈ নামাকৰণ।সেই অনুসৰি জিলা প্রশাসনৰ কৰ্মচাৰীসকলক জুনিয়ৰ ডিচট্রিক এচিছটেণ্ট আৰু ছিনিয়ৰ ডিচট্রিক এচিছটেণ্ট হিচাপে নামাকৰণ কৰা হৈছে।
▶ডিব্রুগড় মেডিকেল কলেজৰ সকলো আৱাস একত্রিত কৰি নতুন অট্টালিকা নিৰ্মাণ কৰা হ'ব। প্ৰায় ৩০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিব ৮ মহলীয়া অট্টালিকা।
▶ডিব্রুগড়ত ১৫০০ মানুহ বহিব পৰা অত্যাধুনিক আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ। ৫০০ মানুহ বহিব পৰা আন এটা প্রেক্ষাগৃহও ডিব্রুগড়ত নিৰ্মাণ হ’ব।
▶ডিব্রুগড়ত ১৫ হাজাৰ দৰ্শক একেলগে বহিব পৰাকৈ নিৰ্মাণ কৰা হ'ব এখন ষ্টেডিয়াম।
▶ডিব্রুগড়ৰ আৰক্ষী নিৱেশৰ খেলপথাৰখনত নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।চৌকিডিঙি খেলপথাৰত ফ্লাড লাইটৰ ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত।
▶ডিব্রুগড়ত ৩খন উৰণ সেতু নিৰ্মাণ কৰা হ’ব। আমোলাপট্টি ৰে’ল ক্রছিং, লাহোৱাল আৰু মানকটাত নিৰ্মাণ কৰা হ'ব উৰণীয়া সেতু তিনিখন। নাহৰকটীয়াত এখন হকী ষ্টেডিয়াম নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ।
▶ডিব্ৰুগড়ত নতুনকৈ ৫খন দলং নিৰ্মাণতো অনুমোদন জনোৱা হৈছে।আঘোনাবাৰীৰ পৰা তেলপানী সংযোগী পথত এখন, বৰুৱানগৰ-মাহমৰাৰ মাজত দিচাং নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ পৰিকল্পনা।
▶চেঁচাৰ পৰা ইটাখুলিলৈ ডাবল লেন পথ নিৰ্মাণৰ আৰু আঘোনীবাৰীৰ পৰা খোৱাঙলৈ মথাউৰি পথ নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ।
▶ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ত দুটা নতুন বিষয়ত অনুমোদন।
Comments