গুৱাহাটী, ৩১ জানুৱাৰীঃ চিনেমাৰ প্ৰতি সদায়ে মানুহৰ এক বেলেগ ধৰণৰ আৱেগ জড়িত হৈ আছে। সেইবাবে হয়টো সকলোৱে চিনেমা উদ্যোগ আৰু শিল্পীসকলৰ সৈতে সম্পৰ্কিত প্ৰতিটো সৰু আৰু ডাঙৰ কথা জানিব বিচাৰে। মানুহে বলীউডৰ তাৰকাসকলৰ ফটোবোৰৰ বাবেও আগ্ৰহেৰে বাট চাই থাকে। বিশেষকৈ তাৰকাসকলৰ পুৰণি বা শৈশৱৰ ছবি যিবোৰ প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ঠিক তেনেদৰে শেহতীয়াকৈ এনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ শৈশৱৰ এখন ছবি ওলাইছে, যি মানুহৰ বাবে চিনাক্ত কৰাটো অতি কঠিন হৈ পৰিছে।
ডাঙৰ ঘূৰণীয়া চকু, কপালত চুলি পৰি থকা আৰু এখন মৰমলগা কণমানিৰ এই মুখখন বলীউড জগতৰ আটাইতকৈ ধুনীয়া আৰু শক্তিশালী অভিনেত্ৰীৰ, যাৰ বাবে ২০২২ বৰ্ষটো আটাইতকৈ বিশেষ আছিল। এখন ডাঙৰ হিট ছবি প্ৰদান কৰা এই অভিনেত্ৰীগৰাকীয়ে এতিয়া কেৱল অনুৰাগীসকলৰ হৃদয়েই নহয়, বলীউডৰ এগৰাকী অভিনেতাৰ হৃদয়তো স্থান লাভ কৰিছে।
মৰমলগা কণমানিজনীৰ এই বিশেষ অভিনেত্রী গৰাকী হৈছে কিয়াৰা আদৱানী। কিয়াৰা আদৱানীও বৰ্তমান তেওঁৰ বিবাহৰ খবৰৰ বাবে চৰ্চাত আছে। সূত্ৰ অনুসৰি, কিয়াৰাই ৬ ফেব্ৰুৱাৰীত প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব৷ এই বিবাহ জয়সলমেৰৰ সূৰ্যগড় প্ৰাসাদত অনুষ্ঠিত হ'ব, যাৰ বাবে ইতিমধ্যে সকলোৱে অপেক্ষা কৰি আছে। এই সকলোবোৰ প্ৰস্তুতি এতিয়ালৈকে গোপনে চলাই থকা হৈছে।
Comments