গুৱাহাটী, ৩১ জানুৱাৰীঃ জি-২০ - "এছডিজিএছ প্ৰাপ্ত কৰিবলৈ দলং নিৰ্মাণ" সম্পৰ্কীয় বিশ্ববিদ্যালয় সংযোগ কাৰ্যসূচী শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (এমইএ), গৱেষণা আৰু তথ্য প্ৰণালী, (আৰআইএছ) নতুন দিল্লী, আৰু উত্তৰ-পূব প্ৰশিক্ষণ আৰু গৱেষণা এডভোকেচী (নেট্ৰা) ফাউণ্ডেচনৰ সহযোগত আইআইটি গুৱাহাটীৰ পৰা আৰম্ভ কৰা হয়।
প্ৰাৰম্ভিক অনুষ্ঠান হিচাপে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সজাগতাৰ বাবে জি-২০ আৰু ইয়াৰ লক্ষ্যৰ বিষয়ে এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, য'ত ২০০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন শাখা আৰু বিশ্ববিদ্যালয়ৰ মুঠ ৫০ গৰাকী শিক্ষাৰ্থীক বিশিষ্ট ব্যক্তি আৰু বিশেষজ্ঞসকলৰ সৈতে আভ্যন্তৰীণ পেনেল আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হয়। লগতে, বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীয়ে লাইভ অনুষ্ঠানত অনলাইনযোগে হাইব্ৰিড মোডত অংশগ্ৰহণ কৰে।
আনহাতে, বিশিষ্ট ব্যক্তি আৰু নিৰ্বাচিত ছাত্ৰ ৰাষ্ট্ৰদূতসকলক আইআইটি গুৱাহাটীৰ ডিন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (গৱেষণা আৰু উন্নয়ন) অধ্যাপক বিমল কাটিয়াৰে আদৰণি জনায়। তেওঁ ভাৰত আৰু বিশেষকৈ আইআইটি গুৱাহাটীত গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্বত বিশ্বব্যাপী সমস্যাসমূহ সমাধানৰ বাবে যুৱ আৰু শিক্ষাৰ্থীসকলৰ অধিক অংশগ্ৰহণৰ বাবে আহ্বান জনায়।
Comments