Cartoon
View Older
গুৱাহাটী, ৩১ জানুৱাৰীঃ মঙলবাৰে ৰাজ্যজুৰি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম্-মে-ফী উদযাপন কৰা হয়। এই পৱিত্ৰ উৎসৱত টাই-আহোম সম্প্ৰদায়ৰ লোকসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি সেৱা জনোৱাৰ লগতে মানৱ জাতিৰ কল্যাণৰ বাবেও প্ৰাৰ্থনা কৰে। পৰম্পৰাগতভাৱে, এই উৎসৱটো প্ৰতি বছৰে ৩১ জানুৱাৰীত উদযাপন কৰা হয়। য'ত টাই-আহোম সম্প্ৰদায়ৰ লোকসকলে সকলো ৰীতি-নীতি আৰু পৰম্পৰা নিয়ম অনুসৰণ কৰি দিনজোৰা কাৰ্যসূচীৰে মে-ডাম্-মে-ফী উদযাপন কৰে।
ইয়াৰ লগতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ টিপামত মে-ডাম্-মে-ফী উৎসৱত অংশগ্ৰহণ কৰিব।
Comments