Cartoon
View Older
গুৱাহাটী,৩১ জানুৱাৰীঃআজি অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কাৰ্যকাল৷আজিৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪-৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰিব৷
উল্লেখযোগ্য যে, ১৯৯১ চনৰ আই পি এছ বিষয়া জি পি সিঙক অসমত কা- বিৰোধী আন্দোলন তীব্ৰতৰ হৈ থকাৰ সময়ত দিল্লীস্থিত নিয়াৰ পৰা ঘূৰাই অনা হৈছিল৷অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে ডেপুটেশ্যনত নিয়াত আছিল৷
তেওঁক ঘূৰাই অনাৰ পাছত ৰাজ্যত তীব্ৰতৰ ৰূপ ধাৰণ কৰা কা-বিৰোধী আন্দোলন নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল৷আনহাতে ৰাজ্যৰ আইন-শৃংখলাজনিত সমস্যা তৎপৰতাৰে নিয়ন্ত্ৰণ কৰাতো দক্ষ বুলি জনাজাত জি পি সিং৷
Comments