গুৱাহাটী,৩১ জানুৱাৰী:১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসীৰ মাজত ক্রীড়া, সাহিত্য আৰু সাংস্কৃতিক প্রতিযোগিতা এখনি আয়োজন কৰিছে। ৰাইজৰ দলৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে এই প্রতিযোগিতা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে হ'ল সমষ্টিটোৰ প্ৰতিভাসমূহ চিনাক্ত কৰা।
সমষ্টিটোৰ প্ৰতিভাসমূহ চিনাক্তকৰণৰ পাছত সেই প্ৰতিভাৰ পূৰ্ণ বিকাশৰ বাবে আঁচনি হাতত লোৱা হ'ব। বিভিন্ন ক্রীড়া, সাহিত্য আৰু সাংস্কৃতিক প্রতিযোগিতাত যিসমূহ প্রতিভাৱান লোক চিনাক্তকৰণ হ'ব, সেইসকলক উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ প্রদান কৰি ৰাজ্যখন তথা দেশৰ সম্পদৰূপে গঢ়ি তুলিবলৈ যত্ন কৰা হ'ব। সেয়েহে সমষ্টিটোৰ প্ৰতিভাসমূহ চিনাক্তকৰণৰ কাৰণে দুটা পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে এটা হ'ব পঞ্চায়ত আৰু নগৰ ভিত্তিত আৰু আনটো হ'ব সমষ্টি ভিত্তিত। পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত শিৱসাগৰ বিধানসভা সমষ্টিৰ ১৮ খন গাঁও পঞ্চায়ত এলেকাত অনুষ্ঠিত হ'ব। আনহাতে, পঞ্চায়ত আৰু নগৰ ভিত্তিত অনুষ্ঠিত প্রতিযোগিতাত ১ম আৰু ২য় স্থান প্রাপ্তসকলৰ মাজত সমষ্টি ভিত্তিত চূড়ান্ত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত।
পঞ্চায়ত আৰু নগৰভিত্তিত অনুষ্ঠিত প্রতিযোগিতাসমূহৰ বাবে সংশ্লিষ্ট পঞ্চায়ত আৰু নগৰ এলেকাৰ বিশিষ্ট ব্যক্তি আৰু সংগঠকসকলক লৈ উদ্যাপন সমিতি গঠন কৰা হ'ব। উক্ত উদযাপন সমিতিসমূহে প্রতিযোগিতা সফলৰূপে পৰিচালনা কৰিব। আনহাতে সমষ্টি ভিত্তিত চূড়ান্ত প্রতিযোগিতাসমূহৰ বাবে সমষ্টি পৰ্যায়ত উদ্যাপন সমিতি গঠন কৰা হ'ব।
এই উদ্যাপন সমিতি গঠনৰ ক্ষেত্ৰত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিশিষ্ট ব্যক্তি আৰু সংগঠকসকলক সংগঠিত কৰা হ'ব বুলি বিবৃতিটোত উল্লেখ কৰিছে। ক্রীড়া প্রতিযোগিতাসমূহৰ ভিতৰত ফুটবল, ভলীবল, কাবাদী, দৌৰ ১০০, ২০০ আৰু ৪০০ মিটাৰ, মাৰাথন ২১ কিলোমিটাৰ, শটপুট, জেভেলিন, ডিচকাচ থ্র', হাই জাম্প আৰু লং জাম্প। সাহিত্য প্রতিযোগিতাসমূহ ক্রমে আকস্মিক বক্তৃতা, চিত্রাংকন, তর্ক, ৰচনা, কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা। সাংস্কৃতিক প্ৰতিযোগিতাসমূহ হ'ব ক্ৰমে বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, হুচৰি, বিহুৱতী প্ৰতিযোগিতা, জেং বিহু, দিহানাম, জিকিৰ, বিয়ানাম, বাঁহী বাদন আৰু ঢোল বাদন।
পঞ্চায়ত ভিত্তিক প্রতিযোগিতাসমূহত কিতাপ পুৰষ্কাৰ হিচাপে প্ৰদান কৰা হ'ব। সমষ্টিভিত্তিক প্রতিযোগিতাত নগদ ধনেৰে পুৰষ্কৃত কৰা হ'ব। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ সাংস্কৃতিক সন্ধিয়া আৰু মুখ্য আকৰ্ষণৰূপে জুবিন গাৰ্গ উপস্থিত থাকিব বুলি বিবৃতিটোত উল্লেখ কৰিছে।
Comments