গুৱাহাটী,৩১ জানুৱাৰী:দুলীয়াজানৰ পদ্ধতিগত আবৃত্তি শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান 'সংগীত নৃত্যম'ৰ তত্ত্বাৱধানত কালি দুলীয়াজান মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত এখন উচ্চমানৰ আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হৈ যায়। অহা ১২ ফেব্ৰুৱাৰীত দুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া অসম আবৃত্তি মঞ্চৰ সপ্তম বার্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈয়ে। অসম আবৃত্তি মঞ্চৰ সপ্তম বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বেদান্ত প্ৰসাদ বৰুৱাই আঁত ধৰা প্ৰতিযোগিতাখনৰ শুভাৰম্ভণী কাৰ্যসূচীত সংগীত নৃত্যমৰ অধ্যক্ষা ৰিজুমণি শইকীয়া তামুলীয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্রদান কৰে। অনুষ্ঠানটোত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ চিত্ৰজিৎ শইকীয়া আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে। চাৰিটা শাখাত অনুষ্ঠিত আবৃত্তি প্রতিযোগিতাখনত দুই শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে।
আনহাতে, প্রতিযোগিতাখনৰ ‘ক’শাখাত কীৰ্তনা দত্তই প্রথম, দর্শনা শইকীয়াই ক. দ্বিতীয়, ডিভম নাথে তৃতীয় স্থান দখল কৰাৰ বিপৰীতে দেৱদর্শিনী দত্ত, খ্যাতি সোনোৱাল, ঈশানা আগষ্ট্য, দেৱাংগনা কলিতা আৰু হৰ্ষিতা হাজৰিকাই উদগনিমূলক বঁটা লাভ কৰে। সেইদৰে ‘খ’ শাখাত বৰেণ্যা নেওগে প্রথম, প্রাপ্তি গগৈয়ে দ্বিতীয়, চিন্ময় ভূঞাই তৃতীয় স্থান লাভ কৰে আৰু কৃষ্টি বসুমতাৰী, গৰিমা নন্দিনী হাজৰিকা আৰু প্ৰিয়াক্ষী বৰাই উদগনিমূলক বঁটা লাভ কৰে। প্ৰতিযোগিতাৰ ‘গ’ শাখাত বিশাখা গগৈ প্ৰথম, বিৰাজ গগৈ দ্বিতীয়, স্পন্দন বৰঠাকুৰে তৃতীয় আৰু ‘ঘ’ শাখাত হিমাদ্ৰী মাক্রাৰী প্ৰথম, অনিন্দিতা খনিকৰ হাজৰিকা দ্বিতীয় আৰু পল্লৱী শর্মা গগৈয়ে তৃতীয় স্থান দখল কৰে। স্থান লাভ কৰা প্ৰতিযোগীসকলক আগন্তুক ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ মুকলি সভাত পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।
Comments