গুৱাহাটী,৩১ জানুৱাৰী:ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ তত্ত্বাৱধানত অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ সহযোগত ২৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনূর্ধ্ব- ২৫ বছৰ অসম বনাম মণিপুৰৰ কর্নেল চি কে নাইডু ক্রিকেট টুর্নামেণ্টৰ আজি দ্বিতীয় দিনা অসমে কালিৰ স্ক'ৰ ৩৩৯/৩ ৰ পৰা আগলৈ খেলি (১১২.২) অভাৰত ৪৫৪ ৰান কৰে।
পাৰভেজ মুচাৰফে কালিৰ ১৩৯ ৰানৰ লগত আজি ৮ ৰান কৰি মুঠ ১৪৭ ৰান, চাহিল জৈনে ৭৭ ৰান, অম্লানজ্যোতি দাসে ৪৬ ৰান, ঋতুৰাজ বিশ্বাসে ২৯ ৰানৰ বৰঙনি আগবঢ়ায়৷ মণিপুৰৰ কিৰণ লাইচাৰামে ১১৫ ৰানত চাৰিটা, সন্তোষ খ’য়ে ৮০ ৰানত চাৰিটা উইকেট লয়। প্ৰত্যুত্তৰত মণিপুৰে ৬৭ অভাৰত ৬ উইকেটত ১৬৫ ৰান কৰে। এল ৱাচিদে ৯১ ৰান, থ’আনন্দে ৩৭ ৰান আৰু কিৰণ লাইচাৰামে কোনো ৰান নকৰাকৈ ক্ৰীজত আছে। অসমৰ দ্বিপজ্যোতি শইকীয়াই ৪৩ ৰানত দুটা, অম্লানজ্যোতি দাসে ২৯ ৰানত দুটা উইকেট লয়।
Comments