গুৱাহাটী, ১ ফেব্রুৱাৰীঃ কৰণ জোহৰে শেহতীয়াকৈ অতিথি হিচাপে এটা গানৰ ৰিয়েলিটি শ্ব'ৰ মঞ্চত উপনীত হয়। য'ত তেওঁ কৰীণা কাপুৰ খানৰ সৈতে সম্পৰ্কিত এটা ধেমেলীয়া কাহিনী ভাগ বতৰা কৰে। অনুষ্ঠানটোৰ কৰণৰ কথাখিনিয়ে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰকৃততে, কৰণ জোহৰে 'ইণ্ডিয়ান আইডল ১৩'ৰ ছেটত উপস্থিত হয়। য'ত, অনুষ্ঠানটোৰ সঞ্চালক আদিত্য নাৰায়ণে কৰণ জোহৰক সুধে যে- 'আপোনাৰ ছবিখনত কোন জন অভিনেতাই জোখতকৈ বেছি অভিনয় কৰিছে?'
তেতিয়া কৰণে ২০০১ চনত মুক্তি প্ৰাপ্ত তেওঁৰ চুপাৰহিট ছবি 'কভি খুশী কভি গম'ৰ এটা দৃশ্যৰ বিষয়ে কয় যে, "আমি ছবিখনৰ অন্তিম দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিবলৈ ওলাইছিলো য'ত শ্বাহৰুখ আৰু জয়া বচ্চন লগ হয়। কাজল আৰু কৰীণাও দৃশ্যটোত আৱেগিক হ'ব লগা হৈছিল। ইয়াৰ আগতে, কৰীণাই ছবিখনৰ সকলো সুখৰ দৃশ্যসমূহ কৰিছিল। কৰীণা মোৰ ওচৰলৈ আহি সুধিছিল যে মইও দৃশ্যটোৰ বাবে আৱেগিক হ'ব লাগিব, মই আজি কান্দিব লাগিব নেকি? তেতিয়া মই কৰীণাক কৈছিলো, অলপ আৱেগিক দৃশ্য আছে। কিন্তু যেতিয়া কৰীণাই দৃশ্যটোৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে তেতিয়া তেওঁ বলীয়াৰ দৰে কান্দিবলৈ আৰম্ভ কৰিছিল। মই আৰু ঋত্বিক কৰীণাক দেখি আচৰিত হৈ পৰিছিলো।"
Comments