গুৱাহাটী, ১ ফেব্ৰুৱাৰীঃ বৰুণ ধাৱান আৰু নাতাশা দালালৰ বিবাহৰ ২ বছৰ হ'ল। তেওঁলোক দুয়ো অলপতে তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকীও উদযাপন কৰিছে। একে সময়তে, বৰুণ ধাৱানে তেওঁৰ প্ৰথম নায়িকা তথা বান্ধৱী আলিয়া ভাট্টৰ সৈতে এটা বঁটা অনুষ্ঠানৰ ঘোষণাত উপস্থিত থাকে। সেই সময়ছোৱাত, পাপাৰাজী অৰ্থাৎ তাৰকা ফটোগ্রাফাৰে এই দুয়োজন তাৰকাক বহুতো প্ৰশ্ন সোধে। ইয়াৰ মাজতে এনেকুৱা এটা প্ৰশ্ন আছিল যে বৰুণ আৰু আলিয়া শুনি আচৰিত হৈ পৰে আৰু ইয়াৰ পিছত, বৰুণে উত্তৰত যিবোৰ কথা কৈছে, বৰ্তমান সেই কথাবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
অনুষ্ঠানটোত পাপাৰাজীয়ে বৰুণক উদ্দেশ্যি প্ৰশ্ন সোধে যে, "আলিয়াই মাতৃত্ব অৰ্জন কৰিছে, এতিয়া আপুনি এতিয়া দেউতাক হ'ব?' বৰুণ আৰু আলিয়াই প্ৰথমতে এই প্ৰশ্নটোত বহুত হাঁহি মাৰে আৰু তাৰ পিছত কয়, মই মোৰ পত্নীৰ সৈতে কথা পাতি আছো, আমি বৰ্তমান সন্তানৰ পৰিকল্পনা আৰম্ভ কৰি আছো।"
Comments