গুৱাহাটী,১ ফেব্ৰুৱাৰী:আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষ্যে ৰাজ্যত ভিন্ন প্ৰান্তত তেখেতৰ জন্মদিন পালনৰ আয়োজন কৰা হৈছে । ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে যোৰহাটত জন্ম গ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেখেতৰ দিশপুৰৰ বাসভৱনত মাজনিশা ভিৰ কৰিলেহি অজস্ৰ অনুৰাগীয়ে ৷ অসমৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শৈশৱৰ পৰাই দিছিল তেখেতৰ প্ৰতিভাৰ উমান । ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অহাৰ পিছৰে পৰা অসমৰ ৰাজনীতিৰ এগৰাকী চাণক্য ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী শৰ্মাই । কেৱল অসমৰে নহয়, উত্তৰ পূৱ ভাৰতৰ ৰাজনীতিৰ মেৰুদণ্ড স্বৰূপ হৈ আছে ড৹ হিমন্ত বিশ্ব শৰ্মা । উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা ৰাজনৈতিক দলক সংগঠিত কৰি গঠন কৰা নেডাৰো আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ।
Comments