Cartoon
View Older
গুৱাহাটী,১ ফেব্ৰুৱাৰী:আয়কৰ ৰেহাইক লৈ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা।এতিয়াৰে পৰা আপুনি ৭ লাখ টকা পৰ্যন্ত দিব নালাগে আয়কৰ।কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে আয়কৰৰ ক্ষেত্ৰত বাজেট ঘোষণাত উল্লেখ কৰি কয় যে, বছৰি ৭ লাখ টকালৈকে উপাৰ্জন কৰা লোকে আয়কৰ দিব নালাগে।পূৰ্বতে এই সীমা আছিল ৫ লাখ টকা।
আয়কৰৰ বাবে বাজেটত ৬টা শ্লেব নিৰ্ধাৰণ কৰা হৈছে।৯-১২ লাখ টকা উপাৰ্জন হ'লে দিব লাগিব ১৫ শতাংশ কৰ।১২-১৫ লাখ টকা উপাৰ্জন হ'লে দিব লাগিব ২০ শতাংশ কৰ।আনহাতে ১৫ লাখৰ অধিক উপাৰ্জন কৰাসকলে ভৰিব লাগিব ৩০ শতাংশ আয়কৰ।
Comments