গুৱাহাটী,১ ফেব্ৰুৱাৰী:এতিয়াৰে পৰা হয়তো বছৰৰ ছমাহতকৈ বেছি খোৱাপানীৰ সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে ৷ তীব্ৰ জলসংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰবাসী ৷ কাৰণ দীৰ্ঘদিন ধৰি আশংকা কৰি অহাৰ দৰেই দ্ৰুত গতিত শুকাব ধৰিছে গুৱাহাটী মহানগৰীৰ ভূ-গৰ্ভৰ জলভণ্ডাৰ ৷ মানুহে উলিয়াই শেষ কৰাৰ পথত গুৱাহাটী মহানগৰীৰ ভূ-গৰ্ভৰ জলভাণ্ডাৰ ৷ভূ-গৰ্ভৰ ৭০ % পানী খৰচ কৰি শেষ কৰিলে গুৱাহাটীবাসীয়ে ৷ যিমানেই দ্ৰুত হাৰত গুৱাহাটী মহানগৰৰ পৰিসৰ বৃদ্ধি হৈছে সিমানেই প্ৰদূষণ আৰু জলসংকট বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত ৷ সিমানেই শুকাব ধৰিছে মহানগৰীখনৰ ভূ-গৰ্ভৰ জলস্তৰ । ইতিমধ্যেই গুৱাহাটীবাসীয়ে ভূ-গৰ্ভৰ জলভাণ্ডাৰৰ পৰা উলিয়াই শেষ কৰিলে ৭০ শতাংশ পানী ৷
অৰ্থাৎ গুৱাহাটীৰ ভূ-গৰ্ভত ভৱিষ্যতৰ বাবে জমা আছে মাত্ৰ ৩০ শতাংশ পানী ৷ ছেমি ক্ৰিটিকেল জ’নত অন্তৰ্ভুক্ত হৈছে গুৱাহাটী মহানগৰী ৷ এই তথ্য শেহতীয়াকৈ প্ৰকাশ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ভূ-তল জল ব’ৰ্ডে ৷ কেন্দ্ৰীয় ভূ-তল জল বোৰ্ডৰ উদ্বিগ্নতা ভৰা তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে গুৱাহাটী মহানগৰৰ ভৱিষ্যতলৈ ।কেন্দ্ৰীয় জল ব’ৰ্ডৰ তথ্য অনুসৰি ভূ-গৰ্ভৰ পানীৰ ওপৰত ভয়ংকৰ হাৰত অত্যাচাৰ চলিছে গুৱাহাটীত ৷ কামৰূপ মেট্ৰ’ৰ ২৬২ বৰ্গ কিলোমিটাৰ অঞ্চলত আছে মুঠ ৬২ টা ৱাৰ্ড ৷ এই এলেকাত ইমান বিশাল হাৰত পানী ভূ-গৰ্ভৰ পৰা আহৰণ কৰা হৈছে যে যি নিজলৈকে বিপদ কঢ়িয়াই আনিছে মহানগৰবাসীয়ে ৷ গভীৰ নলীনাদ, দমকল আদিৰে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টৰ পানী আহৰণ, পাহাৰ এলেকাত ব্যক্তিগত ঘৰতো গভীৰ নলীনাদ বহুৱাই ব্যাপক হাৰত পানী উলিওৱা হৈছে ৷
ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটীগভীৰ নলীনাদ নহ’লে মহানগৰীৰ প্ৰায়বোৰ ঠাইতে আজিকালি পানী নোলোৱা হৈছে ৷ বিপৰীতে মহানগৰীৰ ধৰাপৃষ্ঠ পকী কৰি পেলোৱাৰ ফলত বন্ধ হৈ পৰিছে ভূ-গৰ্ভলৈ পানী সোমাই যোৱাৰ ব্যৱস্থা ৷ ইয়াৰ মূল কাৰণ দ্ৰুতগতিত বৰ্ধিত মহানগৰীৰ জনসংখ্যা ৷ কেন্দ্ৰীয় ভূ-তল জল বোৰ্ডৰ উদ্বিগ্বতা— গুৱাহাটী ছেমি ক্ৰিটিকেল জ’নত সোমাই পৰাতো মহানগৰৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে ৷ভূগৰ্ভৰ পৰা ইতিমধ্যে পানী আহৰণৰ পৰিমাণটো ৭০ শতাংশৰ কমত থাকিলে 'Safe area'ত থাকে ৷ কিন্তু ইতিমধ্যে গুৱাহাটীৰ ভূ-গৰ্ভৰ পানীৰ ৭০ শতাংশ ওলাই গ’ল ৷ মাত্ৰ ৩০ শতাংশহে পানী বাকী আছে ভূ-গৰ্ভত ৷ গতিকে গুৱাহাটী মহানগৰ এতিয়া ভূ-গৰ্ভৰ জল স্তৰৰ জটিল পৰ্যায়ৰ অন্তৰ্গত হৈ পৰিল ৷
Comments