ধেমাজি , ১ ফেব্ৰুৱাৰীঃ বিদ্যুত মাচুল বৃদ্ধিৰ সিদ্ধান্ত দাবীত আজি ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি তিনিআলিস্হিত শ্বহীদ উদ্যানৰ সন্মুখত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মী সকলে অসম চৰকাৰ হায় হায় , বিজেপি চৰকাৰ গ’ বেক , বিদ্যুত মাচুল ৰোধ কৰক , শক্তিমন্ত্ৰী হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্হলী ৷ ইয়াৰ পিছতে ছাত্ৰ সংগঠনটোৱে ধেমাজি নগৰত এক সমদল বাহিৰ কৰে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে কৰণা মহামাৰীয়ে দুটা বছৰ জনসাধাৰণক জুৰুলা কৰি যোৱাৰ পিছত আকৌ পুনৰ জনসাধাৰণৰ মাজত বিদ্যুত মাচুল বৃদ্ধি কৰি ৰামটাঙোন দিয়া কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে ৷ সংগঠনটোৰ নেতৃবৃন্দই অসম চৰকাৰক তৎকালে বিদ্যুত মাচুল হ্ৰাস কৰিবলৈ দাবী তোলে ৷ আজিৰ কাৰ্য্যসূচীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মা , সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰবি কছাৰী উপস্থিত থাকে ৷
Comments