গুৱাহাটী,১ ফেব্ৰুৱাৰী:ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু ‘বসুধৈৱ কুটুম্বকম’ বা ‘‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’’ৰ মূলমন্ত্ৰ সৰোগত কৰি আগন্তুক ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ প্ৰাকমুহূৰ্তত এক অংশগ্ৰহণমূলক আৰু সৰ্বাংগীন আলোচনা প্ৰক্ৰিয়াৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াসৰ অংশ হিচাপে মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উদ্যোগত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ফণীধৰ দত্ত ভৱনত ‘‘Financing for SDG's: Blueprint to achieve Sustainable Future’’ শীৰ্ষক বিষয়বস্তুৰে দিনজোৰা কাৰ্যসূচীৰে আলোচনাখন অনুষ্ঠিত হয় ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে উদ্বোধন কৰা এই আলোচনাচক্ৰখনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ আন্তৰ্জাতিক অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ উপদেষ্টা গীতু যোশীয়ে আদৰণি ভাষণ প্ৰদান কৰে ৷ আলোচনা চক্ৰত আই আই এম, শ্বিলঙৰ সঞ্চালক ড৹ ডি. পি. গোৱেলে মূল বক্তব্য আগবঢ়ায় ৷ তেওঁ আলোচনাচক্ৰৰ বিষয়বস্তু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্তীয় যোগানৰ ওপৰত গুৰুত্ব সহকাৰে আলোকপাত কৰে ৷কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ আন্তৰ্জাতিক অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ উপদেষ্টা গীতু যোশীৰ সভাপতিত্বত আয়োজিত আলোচনাচক্ৰৰ প্ৰথমখন অধিৱেশনত ‘‘Sustainable Financing: Way ahead to achieve Agenda 2030’’ শীৰ্ষক পেনেল আলোচনাত জলবায়ু বন্ধনৰ উদ্যোগৰ নেহা কুমাৰ, চিডিপি ইণ্ডিয়াৰ প্ৰাৰ্থনা বৰা, অসম চৰকাৰৰ বিষয়া ড৹ ৰৌহিন দেৱ, ইণ্ডাচইণ্ড বেংকৰ বিষয়া ৰূপা সতীশ আৰু ইউনিচেফৰ ড৹ সৌমেন বাগচিয়ে পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে ৷ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰশ্ন-উত্তৰ অনুষ্ঠান সম্পন্ন হয় ৷
আলোচনাচক্ৰৰ দ্বিতীয় অধিৱেশনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য মহাপ্ৰৱন্ধক সুনীল নায়াৰে ‘‘Role of Banks in Financing of SDGs’’ শীৰ্ষক বিষয়ত বিশেষ বক্তব্য আগবঢ়ায় ৷ইয়াৰ পাছতেই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ব্ৰীজ ৰাজৰ সভাপতিত্বত অনুষ্ঠিত ‘‘Financial Sector Regulators in Financing the SDGs’’ শীৰ্ষক পেনেল আলোচনাত ৰিজাৰ্ভ বেংকৰ অমিত সিনহা, ছেবিৰ বিষয়া সুৰভি গুপ্তা, আইআৰডিএৰ আম্মু ভেংকট ৰমন আৰু আইএফএছচিএৰ অভিলাষ মুলকান্তই পেনেলিষ্টৰূপে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে ৷প্ৰশ্ন-উত্তৰ শিতানৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ শলাগৰে আলোচনাচক্ৰখনৰ সামৰণি পৰে ৷ উল্লেখ্য যে, আলোচনাচক্ৰটোত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, গৱেষক-গৱেষিকা, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা তথা ভাৰতীয় ৰিজাৰ্ভ বেংক, ছেবি, আইআৰডিএ আদিৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
Comments