Cartoon
View Older
গুৱাহাটী, ১ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা ৰাজ্যৰ দুটা পৃথক দুৰ্ঘটনাত দুজন লোকৰ কৰুণ মৃত্যু হয়। প্ৰথমটো ঘটনা বাক্সাৰ শালবাৰীত সংঘটিত হৈছে, য'ত এজন ব্যক্তিক এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই লৈ যায়, যাৰ ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। মৃতব্যক্তিজন ৰঙাপানীৰ বাসিন্দা সেলোপা খুমতাৰী বুলি চিনাক্ত কৰা হৈছে। ইপিনে, ঘটনাটোৰ পিছত, স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাৰ সৈতে জড়িত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আন এটা ঘটনা, শিৱসাগৰৰ টিঙৰিপামত সংঘটিত হৈছে, য'ত এখন দ্ৰুতবেগী বাহনে এজন লোকক খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে নিহত হয়। নিহক লোকজন কুশল গগৈ বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উদ্ধাৰ কৰে।
Comments