নলবাৰী,১ ফেব্ৰুৱাৰী:২০২৩ চনৰ মোহন ভাইৰা স্মাৰক বঁটা শোনিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ বিহগুৰি মৌজাৰ পিঠাখোৱা গাৱঁৰ লোকশিল্পী অনিৰাম নাথক প্ৰদান কৰা হয় । আজি সন্ধিয়া নলবাৰী শ্বহীদ ভৱনত এক বৰ্ণ্যঢ্য অনুষ্ঠানত বটা প্ৰদান কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মুকুন্দ শৰ্মাই ।অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ , সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থাকে ।উল্লেখযোগ্য যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰি আহিছে৷ ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা,২০১২ চনত মাণিক শইকীয়া ওজা , ২০১৩ চনত ৰূহীন ৰাভা , ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা , ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী , ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০১৯ ৰ কা আন্দোলন আৰু ২০২০ কভিড মহামাৰিৰ পৰিপ্ৰেক্ষিতত এই বটা প্ৰদান কৰিব পৰা নগল , ২০২১ চনত হৰেকৃষ্ণ তালুকদাৰ, ২০২২ চনত নিকুঞ্জ পাঠককআৰু এইবেলি অৰ্থাৎ ২০২৩বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ সন্মান প্ৰদান কৰা হয় বিশিষ্ট লোকশিল্পী , লোক সংস্কৃতিৰ সাধক অনিৰাম নাথদেৱক ।
সৰুৰে পৰা ঢোল, নাগাৰা,দোঁতাৰা , পেপা, বাঁহী আৰু গগনাৰ প্ৰতি আগ্ৰহী নাথদেৱক বটা প্ৰদান কৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে । নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত প্ৰদান কৰা বটাঁৰ লগতে নগদ ধন, স্মাৰক ,ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হয়।
Comments