গুৱাহাটী,১ ফেব্ৰুৱাৰী:বিসংগতিৰেই বুধবাৰৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন!অসম সাহিত্য সভাক লৈ শেহতীয়াকৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰথম দিনটোতে সংঘটিত হ’ল এক আজৱ ঘটনা।অধিৱেশনৰ বাকৰিত অসম সাহিত্য সভাৰ পতাকা ওলোটাকৈ উৰি থকাৰ ফটো-ভিডিঅ’ই ইতিমধ্যে লাভ কৰিছে চৰ্চা।
উল্লেখ্য যে, অধিৱেশনৰ প্ৰথম দিনটোত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সদ্যপ্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই।কিন্তু আকাশত সাহিত্য সভাৰ এখন পতাকা ওলোটাকৈ উৰি থকা দেখিবলৈ পোৱা যায়।আনহাতে সেই পতাকাখন চিধাকৈ চাবলৈ এজন ব্যক্তিয়ে মূৰ তল কৰি ওলোটা হোৱাৰ এখন ফটোও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।উল্লেখ্য যে, অসম সাহিত্য সভাৰ শেহতীয়া কৰ্মকাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰি সাহিত্যিক ৰীতা চৌধুৰী, বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ দৰে কেইবাগৰাকীও সাহিত্যিক আৰু বুদ্ধিজীৱীয়ে নাৰায়ণপুৰ অধিৱেশন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Comments