গুৱাহাটী,১ ফেব্ৰুৱাৰী:বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট ৷ এই বাজেট দাখিলৰ পিচতে বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইয়ো । বাজেটখনক অমৃতকালৰ বাজেট আখ্যা দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, এইখন অমৃতকালৰ বাজেট নহয় । ই এক হাস্যকৰ কথা । এইখন প্ৰকৃততে ৰাহু, শনি আৰু কেতুকালৰ বাজেট ৷ বাজেটখনত ৰাইজৰ বাবে কোনো ধৰণৰ সুখৰ বতৰা নাই বুলিও মন্তব্য কৰে ৰিপুন বৰাই ।তেওঁ লগতে কয়, ‘‘ বাজেটে ৰাইজৰ বাবে দুখৰ খবৰ আনিছে ৷ বাজেটত ঋণ লৈ পুঁজি ধাৰ্য কৰা হৈছে । ৩৪ শতাংশ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আনহাতে বাজেটত বৃহৎ পুঁজিপতিক কৰ ৰেহাই দিয়া হৈছে । সেই ৰেহাই পূৰণৰ বাবে অতিৰিক্ত ঋণ লোৱাৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে বাজেটৰ সৰ্বাধিক খৰচ হ'ব সুদৰ হাৰ দিয়াত ।’’
ঋণ লোৱাৰ বাবদ হ'বলগীয়া সুদৰ বাবে ২০ শতাংশ ব্যয় কৰা হ'ব আৰু এই বাজেটৰ দ্বাৰা দেশখন ধাৰত পোত যাব বুলিও অভিযোগ উত্থাপন কৰে ৰিপুন বৰাই ৷ উল্লেখ্য যে, ক্ৰমাগতভাৱে পঞ্চমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কৰা হয় কেন্দ্ৰীয় বাজেটৰ জৰিয়তে ৷ বিশ্ব অৰ্থনীতিৰ গতি মন্থৰ হৈ পৰাৰ সময়তে তথা লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা সময়ত দাখিল কৰা এই কেন্দ্ৰীয় বাজেটখনে অনাগত সময়ত বিশেষ তাৎপৰ্য গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে যদিও বাজেটখনক লৈ তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷ উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা আয়কৰ ৰেহায়ৰ যোগেদি চৰকাৰে ৰাজহ হেৰুৱাব মুঠ ৩৫০০০ কোটি টকা ।
Comments