গুৱাহাটী,১ ফেব্ৰুৱাৰী:বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ধেমাজিত আছুৰ বিক্ষোভ কাৰ্যসূচী । ৰাজ্যবাসীৰ মূৰত পুনৰ মাধমাৰ এপিডিচিএলৰ ৷ নতুন বৰ্ষত দুবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত বিদ্যুতত ৫০ পইছা বৃদ্ধি কৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগে ।
সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে কয় যে,"মহামাৰীয়ে দুটাকৈ বছৰ ৰাজ্যবাসীক জুৰুলা কৰি যোৱাৰ পিচত জনসাধাৰণে এতিয়াও নিজকে সবল কৰিব পৰা নাই ৷ ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ৷ আমাক উন্নয়ন লাগে, কিন্তু জনজীৱনক স্থৱিৰ কৰি কৰা উন্নয়নৰ আমাক প্ৰয়োজন নাই ৷ তাৰ বাবে আমি আজি প্ৰতিবাদস্থলীৰ পৰাই আহ্বান জনাইছো যে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা যি সিদ্ধান্ত তাক পৰিহাৰ কৰক ৷ অন্যথা ইয়াতকৈ জংগী আন্দোলন হ'ব ৷"
প্ৰতিবাদকাৰীসকলে ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ উদ্যানৰ সন্মুখত আৰু ধেমাজি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
Comments