গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ সুস্বাস্থ্যৰ বাবে বিশ্ৰাম অতিকৈ প্ৰয়োজনীয়, সেয়েহে প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই স্বাস্থ্যৱান প্ৰাপ্তবয়স্কসকলক দৈনিক ৭ ৰ পৰা ৮ ঘণ্টা শুবলৈ পৰামৰ্শ দিয়ে। ই দিনটোৰ ভাগৰ আঁতৰ কৰে আৰু সতেজ অনুভৱ কৰে। কম টোপনি স্বাস্থ্যৰ বাবে ভাল নহয়, কিন্তু লগতে এইটো জানি থোৱা উচিত যে, অত্যাধিক সময় টোপনি মৰাতো স্বাস্থ্যৰ বাবে মাৰাত্মক হ'ব পাৰে।
~ দেৰিলৈ টোপনি মৰাৰ ফলত হ'ব পৰা অসুবিধাসমূহঃ
~ হৃদৰোগ
যদি কোনোবাই ৮ ঘণ্টা সময়তকৈ বেছি সময় টোপনি মাৰে, তেতিয়া পিছলৈ গৈ ই হৃদৰোগৰ কাৰণ হ'ব পাৰে। ই কৰোনেৰী ধমনী ৰোগৰ আশংকা বৃদ্ধি কৰে।
~ মূৰৰ বিষ
সঠিক সময় অনুসৰি টোপনি মাৰিলে ই ভাগৰ আৰু মূৰৰ বিষ আঁতৰ কৰে, কিন্তু অত্যাধিক সময় টোপনি মাৰিলে ই মূৰৰ বিষ বৃদ্ধি কৰিব পাৰে, সেয়েহে যিমান সম্ভৱ সোনকালে এই বেয়া অভ্যাসটো আঁতৰ কৰা উচিত।
~ হতাশা
খুব কমসংখ্যক লোকেহে জানে যে অধিক সময় টোপনি মাৰিলে হতাশাৰ দৰে সমস্যা হ'ব পাৰে। যিসকল লোকে অত্যাধিক সময় টোপনি মাৰে, তেওঁলোক প্ৰায়ে হতাশাৰ ভুক্তভোগী হয়।
~ মেদবহুলতা
যেতিয়া কোনোবাই সীমাতকৈ অধিক টোপনি মাৰে, তেতিয়া লাহে লাহে পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি হ'বলৈ ধৰে। এয়া পিছলৈ গৈ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments