গুৱাহাটী,২ ফেব্ৰুৱাৰী:মাজুলী ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১.০২.২০২৩ তাৰিখে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰাৰ লগতে ১২.০১.২০২৩ ৰ পৰা ১০-০২-২০২৩ তাৰিখলৈকে প্ৰাক্ ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। যিসকলে বর্তমানেও প্রাক্ লোক আদালতত অংশগ্ৰহণ কৰা নাই তেওঁলোকক অতি সোনকালে প্রাক্ লোক আদালতত ভাগ ল'বৰ বাবে আহ্বান জনাইছে কৰ্তৃপক্ষই । উক্ত লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চে'ক্ বাউনছৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন বেংকৰ ঋণ আদায় সম্বন্ধীয়, বিজুলি বিল আদায় সম্বন্ধীয়, বি.এছ.এন.এল ফোনৰ বিল আদায় সম্বন্ধীয় প্রাক্ মোকদমা গোচৰসমূহো মীমাংসাৰ বাবে লোৱা হ'ব। ইতিমধ্যে মুখ্য ন্যায়িক দণ্ডাধীশ আৰু মহকুমা ন্যায়িক দণ্ডাধীশ, মাজুলীৰ আদালতত চলি থকা গোচৰসমূহ নিৰ্দিষ্ট বাদী/বিবাদী সকলোলৈ নটিচ প্ৰেৰণ কৰা হৈছে। নটিচপ্ৰাপ্ত বাদী/বিবাদীসকলে আদালতলৈ আহি প্ৰাক্ লোক আদালতত ভাগ ল'ব পাৰিব লগতে নিজৰ গোচৰ মীমাংসা কৰিব পাৰিব।
প্ৰাক্ লোক আদালতত মীমাংসা হোৱা গোচৰৰ বাদী/বিবাদীক অহা ১১-০২-২০২৩ তাৰিখে অনুষ্ঠিত হ'বলগা ৰাষ্ট্ৰীয় লোক আদালতৰ দিনা গোচৰ চূড়ান্তৰূপে নিষ্পত্তি কৰা হ'ব। লগতে উক্ত আদালতৰ দ্বাৰা প্রাক মোকদমা গোচৰৰ গ্ৰাহক সকলোলৈকো নটিচৰ যোগেদি আহ্বান কৰা হৈছে যে ওপৰত উল্লেখ কৰা তাৰিখসমূহৰ ভিতৰত বা নটিচৰ উল্লেখিত তাৰিখৰ ভিতৰত নিজৰ বেংক/বি.এছ.এন.এল/ এ.পি.ডি.চি.এলৰ শাখালৈ গৈ কৰ্তৃপক্ষৰ লগত মীমাংসাৰ আলোচনা কৰিব পাৰিব। নটিচত উল্লেখ থকা তাৰিখৰ উপৰিও কোনো বাদী-বিবাদী/গ্রাহকে যদি নটিচ গ্রহণ নকৰাকৈও ওপৰত উল্লেখ কৰা আদালতৰ গোচৰসমূহ আৰু প্ৰাক্ মোকদমা গোচৰৰ যদি নিষ্পত্তি কৰিব বিচাৰে তেনেহ'লে তলত উল্লেখিত ম'বাইল নম্বৰত অথবা মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়লৈ আহি যোগাযোগ কৰিব পাৰিব । লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা গোচৰসমূহৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত কোনোধৰণৰ আপিল আদিৰ ব্যৱস্থা নাই। সেয়েহে আগন্তুক ৰাষ্ট্ৰীয় লোক আদালতত অংশগ্ৰহণ কৰি ন্যায় ব্যৱস্থাটো ত্বৰান্বিত কৰি তুলিবলৈ মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰীমতী সৰস্বতী জহৰী পাদুনে (এ.জে.এছ) সদৌতিৰ প্ৰতি আহ্বান জনাইছে। বিতং তথ্যৰ বাবে মাজুলী জিলা আইন সেনা প্ৰাধিকৰণৰ ফ্ৰণ্ট অফিচ সমন্বয়ক ফোন নং- ৯৩৬৫২৮ ১১২৬ অথবা অফিচ ইমেইল আইডি [email protected]ত যোগাযোগ কৰিব পাৰিব।
Comments