গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ জকাইত নিৰ্মাণ হ'ব চাওলুং চ্যুকাফাৰ বৃহৎ প্ৰতিমূৰ্তি। জকাইৰ খামতিঘাট দলঙৰ সমীপত প্ৰতিমূৰ্তি নিৰ্মাণ হ'বলগীয়া স্থানত মে-ডাম-মে-ফীৰ দিনা আনুষ্ঠানিকভাৱে গায়ন-বায়নেৰে পৰম্পৰাগত সাজ- পাৰ পৰিধান কৰি কেইবাশতাধিক টাই আহোম জনগোষ্ঠীয় লোকে চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰে। উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে অনুমোদন জনোৱা সাংসদ পুঁজিৰে চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিটো ৰাজ্যৰ ভিতৰতে বৃহৎ উচ্চতাৰ হ'ব।
প্রায় পঞ্চাশ লাখ টকা ব্যয়সাপেক্ষে ২৫ ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব। বুঢ়ীদিহিং নদীৰ পাৰত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে মহিমামণ্ডিত জকাই খামতিঘাটত নির্মাণ হ'বলগীয়া প্ৰতিমূৰ্তিটো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দুত পৰিণত হ'ব বুলি আশা প্রকাশ কৰিছে অঞ্চলবাসীয়ে। অনুষ্ঠানত ডিব্ৰুগড় পৌৰসভাৰ উপ- পৌৰপতি উজ্জ্বল ফুকন প্রমুখ্যে বহু বিশিষ্ট চিন্তাবিদে অংশগ্ৰহণ কৰে।
Comments