গুৱাহাটী,২ ফেব্ৰুৱাৰী:গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ মৰমীয়াল আইতাগৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে । কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল মৰমৰ 'কলিজা আইতা' । যোৱা ১৯ জানুৱাৰীত বাৰ্ধক্যজনিত অসুস্থতাত আইতাক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত । শাৰীৰিক অবস্থা শোচনীয় হৈ পৰাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । জি এম চি এইচৰ চিকিৎসক-নাৰ্ছে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই । সকলোকে কন্দুৱাই গুচি গ’ল মৰমৰ কলিজা আইতা ।
উল্লেখযোগ্য যে চাৰি দিন পূৰ্বে আইতাৰ সৰু ল’ৰাই (৮৭ বছৰীয়া) জি এম চি এইচলৈ আহি আইতাৰ খবৰ লৈছিল । তেওঁ নিজেও শাৰীৰিক ভাবে অসুস্থ আৰু চিকিৎসাৰ বাবে এমাহ ধৰি বেংগালুৰুত আছিল । উল্লেখ্য যে আইতাৰ চাৰিজন ল'ৰা-ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে । ডাঙৰ ল’ৰাৰ মৃত্যুৰ পাছত আইতাই স্ব-ইচ্ছাই এদিন আশ্ৰমলৈ আহিছিল । আইতাক সৰু ল’ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল ।
Comments