নলবাৰী,২ ফেব্ৰুৱাৰী: গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আৰু বৰভাগ প্ৰেছ ক্লাৱৰ সহযোগত আজি নলবাৰীৰ বৰমুৰিকনাৰ তোপবন চৌহদত ''কিশোৰ-কিশোৰীৰ সৱলীকৰণত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বিষয়ৰ ওপৰত এখন সাংবাদিক কৰ্মশালা অনুষ্ঠিত হয়।জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতাৰ সঞ্চালনাত আৰু সাংবাদিক কিশোৰ কুমাৰ কলিতাই আঁত ধৰা কৰ্মশালা উদ্বোধন কৰি কৰিয়া,ডায়েটৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মাই কয় যে-কিশোৰ ,কিশোৰীৰ অধ্যয়ন আৰু তেওঁলোকৰ প্ৰতি সজাগ হ’ব লাগিব।বাল্য বিবাহ, কু-প্ৰথাৰ বিৰুদ্ধে সমাজখনৰো দায়িত্ব আছে। অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন আৰু দৈনিক অগ্ৰদূতৰ বাৰ্তা সম্পাদক চেমিন চুলতানায়ো কিশোৰ-কিশোৰীৰ সৱলীকৰনত সংবাদ পত্ৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে।এই কৰ্মশালাত গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বী ভূষণ ডেকায়ো চমু আলোকপাত কৰে।কৰ্মশালাত বৰপেটা আৰু কামৰূপ জিলাৰ পৰাও একাংশ সাংবাদিকে অংশ লয়।
Comments