গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ এফডিচিআইৰ লগত আয়োজিত হ’ব লগা আগন্তুক লাকমি ফেশ্বন উইকৰ শ্ব'ৰ বাবে বিশেষ ভাৰ্টুৱেল নিৰ্বাচনী অনুষ্ঠান “দ্য ডিজাইন ফেষ্টিভেলঃ চিজন ৮” ত আইএনআইএফডি গুৱাহাটীৰ ডিজাইনৰ ছাত্ৰ ৰিদ্ধি আগৰৱাল আৰু ৰুথ ৱেল্নগেইহ নেমকে প্ৰদৰ্শন কৰা সৃষ্টিশীল ডিজাইন প্ৰস্তাৱক উপস্থিত বিশিষ্ট বিচাৰকমণ্ডলীয়ে উচ্চ প্ৰশংসা কৰে।ডিজাইন প্ৰতিষ্ঠান সমুহৰ বৃহত্তম আন্ত:ৰাষ্ট্ৰীয় নেটৱৰ্ক আইএনআইএফডিৰ “দ্য ডিজাইন ফেষ্টিভেল” এক অনন্য প্লেটফৰ্ম।
ইয়াৰ লগতে, আইএনআইএফডিয়ান সকলৰ বাবে এয়া এক বৃহৎ সুযোগ য’ত পাঁচ গৰাকী ফেশ্বন ডিজাইন আৰু পাঁচ গৰাকী অভ্যন্তৰীণ সজ্জা ডিজাইন বিজেতা আইএনআইএফডিৰ পাঁচটি কেন্দ্ৰৰ পৰা নিৰ্বাচিত কৰা হ’ব। মাৰ্চ ২০২৩ ত, নিৰ্বাচিত ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে এফডিচিআইৰ সহযোগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকৰ ‘আইএনআইএফডি লঞ্চ’ ত নিজৰ শ্বো প্ৰদৰ্শনৰ এক বিশেষ সুযোগ লাভ কৰিব। প্ৰতিগৰাকী বিজেতাই পুৰষ্কাৰ হিচাপে নগদ ধনৰ লগতে ৰাইজ ৱৰ্ল্ডৱাইডৰ অভিজ্ঞ ডিজাইনাৰৰ পৰা প্ৰশিক্ষণ লাভ কৰিব।
আনহাতে, ফেশ্বন ডিজাইন আৰু অভ্যন্তৰীণ সজ্জা ডিজাইন উভয়ৰে নিৰ্বাচিত ডিজাইনৰ প্ৰস্তাৱনা হ’ল “পূৱ-পশ্চিমৰ সংযোগ”- পৃথিৱীৰ দুই প্ৰান্তৰ ভিন্ন সংস্কৃতিৰ মিলনক উদাহৰণ হিচাপে লৈ, এটি প্ৰান্ত ভাৰত আৰু আনটো বিশ্বৰ যিকোনো এক প্ৰান্ত বিষয়টি মনত ৰাখি ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে কলা, টেক্সটাইল, শিল্পকলা, পেইণ্টিং বা ছায়াচিত্ৰ আদি যিকোনো ব্যৱহাৰ কৰি এক সংকলন প্ৰস্তুত কৰিব, আৰু অভ্যন্তৰীণ ডিজাইনৰ শিক্ষাৰ্থীসকলে প্ৰস্তাৱ অনুযায়ী বহা কোঠা, ৰেষ্টুৰেণ্ট, থিয়েটাৰ ইত্যাদি ঠাই ব্যৱহাৰ কৰি ৰেম্প বা ছেট ডিজাইন কৰিব। জুৰীৰ সদস্যই উপস্থাপনসমুহ চিন্তা প্ৰক্ৰিয়া, ডিজাইনৰ সৌন্দৰ্য্য, বিষয় সহাৱস্থান আদিৰ ওপৰত ভিত্তি কৰি বিচাৰ আগবঢ়াব।
Comments