গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃবাৰিষাৰ পূৰ্বে গুৱাহাটীক বানমুক্ত কৰাৰ চেষ্টা চৰকাৰৰ৷ইতিমধ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশত মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটী পৌৰ নিগমে চলাইছে নলা নদৰ্মা নিষ্কাষণৰ কাম৷বাৰিষাৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ জলমগ্ন হোৱা অঞ্চল সমূহৰ নলা-নৰ্দমা নিষ্কাষণৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷এই নিষ্কাষণৰ ফলত গুৱাহাটীৰ জলমগ্ন হোৱা অঞ্চল সমূহৰ পৰা কৃত্ৰিম বান অতি কম সময়ৰ ভিতৰত নাইকিয়া হব বুলি আশা প্ৰকাশ কৰা হৈছে৷
সঠিক ৰূপত নলা-নৰ্দমা নিস্কাশন হ’লে এইবাৰ কৃত্ৰিম বানৰ যন্ত্ৰণা কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷কিন্তু মহানগৰত নলা-নৰ্দমাৰ জাবৰ নিষ্কাষণৰ নামত প্ৰতিবাৰেই চলে নাটক৷এইবাৰো তাৰ ব্যতিক্ৰম ঘটা নাই৷বিশেষকৈ নলা নদৰ্মাৰ জাবৰ নিষ্কাষণ কৰাৰ পিছত জাবৰ জোঁথৰসমূহক তাৎক্ষনিক ভাৱে সেই ঠাইৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে৷আঁতৰাই নিদিলে পুনৰ বৰষুণ দিলে জাবৰ জেঁথৰসমূহ নলা-নৰ্দমাৰ ভিতৰত পৰেগৈ আৰু অযথা ধনৰ অপচয় হোৱাৰ লগতে পুনৰ কৃত্ৰিম বানৰ আশংকা বৃদ্ধি হয়৷
কিন্তু এই গুৰুত্বপূৰ্ণ কথাত কাৰোৰৰে গুৰুত্ব নাই৷মহানগৰৰ অধিকাংশ অঞ্চলতে এতিয়া পৌৰ নিগমৰ কৰ্মীয়ে নিষ্কাষণ কৰা জাবৰ পুনৰ নলাৰ কাষতেই দমাই থোৱা পৰিলক্ষিত হৈছে৷এই নিষ্কাষণ কৰা জাবৰ পুনৰ নলাৰ ভিতৰত পৰিছেগৈ৷উল্লেখযোগ্য যে,পৌৰ নিগমৰ বিষয়াই ঘোষণা কৰাৰ দৰে কাম গুৱাহাটীত বাস্তৱত হোৱা পৰিলক্ষিত নহয়৷ যাৰ ফলত সমস্যা সমাধান হোৱাতকৈ সমস্যা আৰু অধিক সমস্যা হৈহে গা কৰি উঠে৷
Comments