Cartoon
View Older
গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ বুধবাৰে নিশা বঙাইগাঁৱত এহাল ভায়েক-ভনীয়েকক কোনো অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে। হত্যাকাণ্ডৰ ঘটনাটো দুৰ্গামাৰী গাঁৱত সংঘটিত হৈছে। ঘটনা অনুসৰি, দুৰ্বৃত্তই বুধবাৰে নিশা তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি দুয়োকে উপৰ্যুপৰি আক্ৰমণ কৰে, যাৰ ফলত দুয়ো ভাই-ভনীৰ মৃত্যু হয়। হত্যাকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ইপিনে, মৃত ভায়েক-ভনীয়েকহাল ক্ৰমে আজমল শ্বেখ আৰু ফিৰোজা বেগম বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা উদ্ধাৰ কৰে। আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান চলাই আছে।
Comments