চেলেংহাট, ২ ফেব্ৰুৱাৰীঃ চেলেংহাটৰ সংবাদকৰ্মী সকলৰ একমাত্ৰ অনুষ্ঠান চেলেংহাট প্ৰেছ ক্লাৱৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ১ ফেব্ৰুৱাৰী তাৰিখে অসম নাগালেণ্ডৰ সীমান্তবৰ্তী ৰনখাম গাঁওৰ ৰন-ছে- খাম ক্ষেত্ৰত ৰনখাম গাঁওৰ যুৱ সংঘৰ আতিথ্যত অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে ২০২২ চনত প্ৰতিষ্ঠা লাভ কৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধাই পতাকা উত্তোলন, স্থানীয় কমল বৰা আৰু সংগ্ৰামী নেতা উমেশ বৰাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰন খাম গাঁওৰ জ্যেষ্ঠ ব্যক্তি কমলা গগৈয়ে স্মৃতি তৰ্পণ কৰাৰ পিছত গছ পুলি ৰূপন কৰে চেলেংহাট হেলথ ক্লাৱৰ সঞ্চালক তুষাৰ পাল আৰু চেলেংহাট প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সদস্য জ্যোতিপ্ৰসাদ গগৈয়ে।
১২ বজাৰ পৰা চেলেংহাট অঞ্চলৰ জাতীয় আৰু ছাত্ৰ সংগঠনৰ প্রতিনিধিৰ অংশগ্ৰহনেৰে চেলেংহাট প্ৰেছ ক্লাবৰ সভাপতি মদন মোহন পাগবন্ধাৰ সভাপতিত্বত চেলেংহাটৰ ঐতিহ্য, সমস্যা, সম্ভাৱনা আৰু সাংবাদিকৰ ভূমিকা সম্পৰ্কীয় বিষয় ভিত্তিত এক মুকলি সভা অনুষ্ঠিত হয়। জ্যোতিপ্ৰসাদ গগৈয়ে আঁত ধৰা, প্ৰেছ ক্লাৱৰ সম্পাদক অনুৰাগ শইকীয়াই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে ৰনখাম গাঁওৰ বদন গগৈয়ে।
উদ্ধোধনী ভাষণত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্তই সাংবাদিকতাৰ ধাৰা, মানৱতা, ৰাইজৰ পক্ষত থাকি সংবাদ পৰিৱেশনৰ লগতে সাংবাদকৰ্মী সকলক অধ্যয়ন কৰিবৰ বাবে আহ্বান জনায়। সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰিয়নী জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঞিবৰুৱাই ভাষা , ঐতিহ্য আৰু কৰ্মসংস্কৃতি প্ৰসংগত তথ্যভিত্তিক ভাষণ প্ৰদান কৰে। সভাত বিষয় বক্তা হিচাপে উপস্থিত থাকি চেলেংহাটৰ ঐতিহ্য সম্পৰ্কে শিক্ষাবিদ শিক্ষক ইন্দ্ৰেশ্বৰ গগৈ, আটছা নেতা দীনেশ চাহু, কৃষক নেতা অৰিন্দম গগৈয়ে চেলেংহাটৰ উন্নয়ন সম্পৰ্কত ভাষণ প্ৰদান কৰে।
সভাত আমগুৰি আউনীআতি হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰী অধ্যক্ষ প্ৰমোদ শইকীয়া, আটছা নেতা শিৱা লস্কৰ তাঁতী, বিজেপি নেতা তৰুণ ৰাজুৱাৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। মূল সভাৰ পিছতেই দেৱবিকাশ দত্ত আৰু জোনটো তাঁতীয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্ধোধন কৰে ভূপেন হাজৰিকাৰ সান্নিধ্য প্ৰাপক শিল্পী ঘন গগৈয়ে।
এই অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে বিপিন ফুকন আৰু পূব লাহিং গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁই। অনুষ্ঠানত অনাতাঁৰ শিল্পী ৰুনু বৰগোহাঁই, তপন পাত্ৰই হিমাংশু গগৈয়ে গীত, সুদৰ্শনা গগৈৰ বাঁহীবাদন, অনুৰঞ্জন দুৱৰাই কবিতা পাঠ আৰু পদুমনি সপ্তধনী চাৰু কলা বিদ্যালয়ৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে।
Comments