ধেমাজি , ২ ফেব্ৰুৱাৰী: দেশৰ আশী কোটি জনসাধাৰণক অহা এবছৰলৈ বিনামূলীয়া ৰেচন প্ৰদানে দেশৰ দৰিদ্ৰতাৰ ছবিখন উদঙাই দিয়া বুলি মন্তব্য অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পলাশ চাংমাইৰ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা উষ্ম আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাপতি চাংমাই আৰু কয় এশ ত্ৰিশ কোটি লোক থকা দেশৰ অৰ্ধেক সংখ্যকতকৈ অধিক লোক অৰ্থাৎ ৫৭ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বুলি খোদ চৰকাৰেই স্বীকাৰ কৰাটোৱে দেশৰ দৰিদ্ৰতাৰ আচল ছবিখন প্ৰকট কৰিছে বুলি উল্লেখ কৰে ৷
নতুন শিক্ষানীতিত দেশৰ মুঠ জিডিপি ৰ ছয় শতাংশ শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিব লাগে যদিও এইবাৰৰ বাজেটত ২.৯ শতাংশহে শিক্ষাৰ ক্ষেত্ৰত ধাৰ্য্য কৰাটোৱে চৰকাৰখনৰ শিক্ষাৰ প্ৰতি থকা অমনোযোগিতা উদঙাই দিয়া বুলি অৱগত কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ১৫৭ খন নাছিং কলেজ ভিতৰত অসমে দহখন নাছিং কলেজ লাভ কৰাৰ লগতে এখন ধেমাজিত স্হাপন কৰিবলৈ তেওঁ দাবী জনায় ৷
Comments