Cartoon
View Older
নলবাৰী,২ ফেব্ৰুৱাৰীঃ নলবাৰীৰ দক্ষিণ গাৱঁৰ নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আজি পৰ্যবেক্ষণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-অহা অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই চিকিৎসা মহাবিদ্যালয়ৰ কাম।তেওঁ লগতে কয় যে-অহা আগষ্ট মাহৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি পৰ্ব আৰম্ভ হ’ব।
মহাবিদ্যালয়ত উপস্থিত হৈয়ে প্ৰথমতে মুখ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰে তদাৰক কৰে।তেওঁ অ'পিডি কক্ষও পৰিদৰ্শন কৰে।
ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীত চিকিৎসালয় মহাবিদ্যালয় পৰিদৰ্শন কৰা সময়ত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
Comments