গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ বিশ্বশান্তিৰ বাবে চলিত মাহজোৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে আৰু বিয়লি ৪:৩০ বজাত কৃষ্ণগুৰু সেৱাশ্ৰমৰ শিষ্যসকলক প্ৰধানমন্ত্ৰী গৰাকীয়ে সম্বোধন কৰে। উল্লেখযোগ্য যে, সপ্তাহজোৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে আৰু বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰ সেৱাশ্ৰমৰ এমহীয়া অখণ্ড কীৰ্ত্তন প্ৰতি ১২ বছৰৰ পাছত অনুষ্ঠিত হয়।
এইবাৰ সুদীৰ্ঘ ১২ বছৰৰ অন্তত এই এমহীয়া অখণ্ড কীৰ্ত্তন অনুষ্ঠিত হৈছে যি চলিত বৰ্ষৰ ৬ জানৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু অহা ৫ ফেব্ৰুৱাৰীত সমাপ্ত পৰিব। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৰকুৃষ্ণ প্ৰেমানন্দ প্ৰভু, ভক্তিমাতৃ কুন্তলা গোস্বামী, অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু, বিমল বড়া, বিধায়ক- নৱ কুমাৰ দলে, জাকিৰ হুছেইন ছিকদাৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণৰ আৰম্ভণিতে জয় কৃষ্ণগুৰুধ্বনিৰে নসত্ৰ প্ৰাংগণত উপস্থিত সকলোকে সম্ভাষণ জনায়। তেওঁ কয় যে, "কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তনৰ আয়োজন এমাহ ধৰি চলি আছে। জ্ঞান, সেৱা আৰু মানৱতাৰ প্ৰাচীন ভাৰতীয় পৰম্পৰাক কৃষ্ণগুৰুপ্ৰভুৱে যেনেকৈ আগবঢ়ায় নিছে সেয়া জানি মই বৰ সুখী হৈছোঁ।"
Comments