গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ মৰাণত ভূমিকেন্দ্রিক সংঘাতৰ ফলত এজন মধ্যবয়স্ক লোকক চোকা অস্ত্রৰে হত্যা কৰা হয়। নাহৰণী গাঁৱত সংঘটিত হোৱা এই ঘটনাত গাওঁবুঢ়া বাওৰী (৪০) নামৰ অভিযুক্তজনে দীৰ্ঘদিন ধৰি ভূমিকেন্দ্রিক সংঘৰ্ষত লিপ্ত হৈ আহিছে, আৰু শুকুৰবাৰে নিশা মণিৰাম বাওৰী নামৰ লোকজনক কুঠাৰেৰে হত্যা কৰা বুলি সূত্ৰযোগে জানিব পৰা গৈছে।
ইপিনে, মৃত মণিৰামৰ জীয়েকে বাপেকক বচাবলৈ যোৱাত অভিযুক্ত গাওঁবুঢ়া বাওৰীয়ে তেওঁকো আক্ৰমণ কৰে, যাৰ ফলত মণিৰামৰ জীয়েক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। পৰৱৰ্তী সময়ত জীয়েকজনীক সংকটজনক অৱস্থাত ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইপিনে, ঘটনাটোৰ পিছত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনৰ বিৰুদ্ধে প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Comments