গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ দিল্লীৰ এক আদালতে শনিবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) ছাত্ৰ শ্বাৰ্জিল ইমাম আৰু ছাত্ৰ সংগঠনৰ কৰ্মী আছিফ ইকবাল তানহাক দিল্লী আৰক্ষী আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) বিৰুদ্ধে প্ৰতিবাদ কৰি থকা লোকসকলৰ মাজত সংঘৰ্ষৰ পিছত সংঘটিত হোৱা হিংসা সম্পৰ্কীয় এটা গোচৰ আদি সকলো অভিযোগৰ পৰা মুক্ত ঘোষণা কৰে। সাকেত আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অৰুল বাৰ্মাই আদেশটো দিয়ে।
শ্বাৰ্জিল ইমাম আৰু আছিফ ইকবাল তানহা দুয়োকে পূৰ্বে উক্ত বিষয়ত জামিন দিয়া হৈছে। অৱশ্যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ সৈতে সম্পৰ্কিত ষড়যন্ত্ৰৰ গোচৰত শ্বাৰ্জিল কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা ইউএপিএৰ অধীনত কাৰাগাৰত থাকিব।আৰক্ষী আৰু চিএএৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলৰ মাজত সংঘৰ্ষৰ পিছত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ সন্দৰ্ভত আৰক্ষীয়ে হিংসাত্মক ঘটনাকে ধৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰিছে।
Comments