চেলেংহাট ২ ফেব্ৰুৱাৰীঃযোৰহাট জিলাৰ চেলেংহাটত জল জীৱন আঁচনিৰ ফোপোলাস্বৰূপ।কেন্দ্ৰীয় চৰকাৰে জল জীৱন আঁচনিৰ যোগেদি দেশৰ প্ৰতিঘৰ লোককে পানী যোগান ধৰা বুলি দাবী কৰাৰ বিপৰীতে মৰিয়নিত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি। মৰিয়নী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ ৰনখাম আৰু ৰজাবাৰী গাঁও বাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে।
উল্লেখ্য যে, গাঁওখনৰ প্ৰতিঘৰতে জলজীৱন আঁচনিৰ অধীনত পানীৰ টেপ পাঁচ মাহ পূৰ্বে স্থাপন কৰা হ'ল যদিও আজি পৰ্যন্ত টেপত নোলাল এটুপালও পানী। ইফালে খৰালী প্ৰায় বোৰ পুখুৰী আৰু কুঁৱা শুকাই যোৱাত এটুপি বিশুদ্ধ পানীৰ বাবে সীমান্তবৰ্তী ৰনখাম আৰু ৰজাবাৰী গাঁওবাসীয়ে সংগ্ৰাম কৰিব লগীয়া হৈছে। মনকৰিবলগীয়া যে মৰিয়নীৰ সীমান্ত অঞ্চলৰ লগতে প্ৰায় পঞ্চাচ হাজাৰ লোকক পানী যোগান ধৰিবলৈ ৪০(ছল্লিচ) কোটিৰো অধিক ব্যয়ৰে চেলেং লাওজানত ২০১৩ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুন গগৈয়ে আধাৰশিলা স্থাপন কৰা গ্ৰেটাৰ চেলেংহাট পানী যোগান প্ৰকল্পটো আজিও মুকলি নহ'ল।
দহবছৰ অন্তত পানী যোগান প্ৰকল্পটোৰ নিৰ্মান কাৰ্য প্ৰায় সম্পূৰ্ণ হ'ল যদিও কাৰিকৰী বিসংগতিৰ বাবেই পানী যোগান আজি পৰ্যন্ত আৰম্ভ কৰিব নোৱাৰা বুলি জানিব পৰা গৈছে।ফলত অসম নগালেণ্ড সীমান্তৱৰ্তী ৰাইজে নগা পাহাৰ পৰা বৈ অহা জুৰিৰ পানী কনৰ ওপৰতে এতিয়া ভৰসা কৰিব লগা হৈছে।ইফালে ৰনখাম গাঁওৰ এগৰাকী মহিলাই সাংবাদিকৰ আগত ক্ষোভেৰে কয় "টেপ খুলিলে ঘৰতে পানী পাম বুলি আশা পালি থকা এবছৰে হ'ব হ'ল।আমি জাঁজী নদীৰ গেলা পানীকে খাও।পুৱাৰ পৰা নিশালৈ পানী কঢ়িয়াই ককাঁল বিষত ভূগিছো"।
Comments