Cartoon
View Older
গুৱাহাটী,২ ফেব্ৰুৱাৰী:সকলোকে কন্দুৱাই আজি বিদায় মাগিলে মৰমলগা মুখৰ আইতাজনীয়ে।সকলোৰে মাজত কলিজা আইতা হিচাপে পৰিচিত সুভদ্ৰা দেৱীৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে ১০৮ বছৰ বসয়ত।
বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে বিগত কিছুদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।কিন্তু জীয়াই থকা সময়ত সকলোৰে হৈ চিন্তা কৰা আইতাগৰাকীয়ে মৃত্যুৰ পিছতো কৰি থৈ গ’ল এক মহান কাম।তেওঁৰ মৰমলগা চকুজুৰি দান দি থৈ যায় আনৰ বাবে।আইতাৰ এই মহানুভৱ চিন্তাইও মন জয় কৰিছে বহুতৰে।
Comments