গুৱাহাটী,২ ফেব্ৰুৱাৰী:লখিমপুৰ জিলাৰ নাৰায়ণপুৰত চলি আছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিবেশন । এই অধিবেশনৰ আজি তৃতীয়দিনা সভাৰ কাম চলি থকাৰ সময়তে লখিমপুৰ নগৰত জ্বলিল বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা । অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই । লগতে সংগঠনটোৱে সাহিত্য সভাক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে ।
উল্লেখ্য, যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্রত চলি থকা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিবেশনক লৈ পূৰ্বৰে পৰাই বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে । ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিবেশনৰ আজি তৃতীয়দিনাও এই বিতৰ্কৰ শাম কটা নাই । অধিবেশনৰ আৰম্ভণিৰে পৰাই বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে আদৰণি সমিতি । বিশেষকৈ স্থানীয় বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ ফটো বিতর্কই তীব্ৰ ৰূপ ধাৰণ কৰে ।
অধিবেশনস্থলীত তেওঁৰ ফটোসম্বলিত পোষ্টাৰ-হৰ্ডিং লগোৱাৰ বিপৰীতে সাহিত্যৰ কাণ্ডাৰীসকলৰ ফটো বা হৰ্ডিং নথকা বিষয়টোৱে এইকেইদিন বিভিন্ন স্তৰত ব্যাপক চৰ্চা লাভ কৰিছে । এই লৈ বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰাৰ উপৰি বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে তেওঁৰ পুত্তলিকা দাহ কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁক সকীয়নি প্ৰদান কৰে ।
Comments