গুৱাহাটী,২ ফেব্ৰুৱাৰী:অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা সাংবাদিক ছিদ্দিক কপ্পন ৷ কেৰালাৰ এই সাংবাদিকগৰাকী যোৱা ২৭ মাহ ধৰি কাৰাবন্দী হৈ আছিল উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ জিলা কাৰাগাৰত ৷ ইডিৰ ওচৰত দাখিল হোৱা অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু আই টি আইনৰ সকলো গোচৰত জামিন লাভ কৰে কপ্পনে ৷ বুধবাৰে নিশা লক্ষ্ণৌ কাৰাগাৰৰ অধীক্ষকে কপ্পনৰ জামিনৰ নিৰ্দেশ লাভ কৰে ৷
লক্ষ্ণৌ জিলা কাৰাগাৰ অধীক্ষক আশীষ তিৱাৰীয়ে কয় যে, ছিদ্দিক কপ্পনৰ মুক্তিৰ নিৰ্দেশ পোৱা গৈছে । আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বৃহস্পতিবাৰে পুৱা তেওঁক মুকলি কৰি দিয়া বুলিও তেওঁ জনায় । দৰাচলতে কেৰালাৰ মালাপ্পুৰমৰ বাসিন্দা ছিদ্দিক কপ্পন প্ৰায় ২৭ মাহ কাৰাগাৰত আছিল । ২০২০ চনৰ ৫ অক্টোবৰত হাথৰাছত অশান্তি সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগত আন তিনিজনৰ সৈতে হাথৰাছলৈ গৈ থকা অৱস্থাত সাংবাদিক কপ্পনক গ্ৰেপ্তাৰ কৰা হৈছিল ।
Comments