গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ এজন অধিবক্তাই কৈছে যে এফবিআইৰ সম্পত্তিৰ সন্ধানৰ সময়ত ডেলাৱেৰৰ ৰেহোবোথত থকা তেওঁৰ সমুদ্ৰ তীৰৰ ঘৰত কোনোধৰণৰ নথি পোৱা নগ'ল। উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰত চলা এক অনুসন্ধানত, ডেলাৱেৰৰ উইলমিংটনত থকা বাইডেনৰ এটা ঘৰত বহুতো নথিপত্ৰ পোৱা গৈছিল। ইপিনে, এক প্ৰতিবেদনত বাইডেনৰ অধিবক্তা বব বাউৰে কৈছ যে পুৱা ৮.৩০ বজাত ৰ পৰা দুপৰীয়া ১২ বজালৈ চলা অনুসন্ধানত ৰাষ্ট্ৰপতি গৰাকীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।
বাউৰে আৰু কৈছে যে, "যদিও শ্ৰেণীবদ্ধ নম্বৰৰ সৈতে কোনো নথি পত্ৰ পোৱা নগ'ল, কিছুমান সামগ্ৰী আৰু হাতেলিখা টোকা যিবোৰ ২০০৯ ৰ পৰা ২০১৭ চনৰ ভিতৰত থকা উপ-ৰাষ্ট্ৰপতি হিচাপে বাইডেনৰ সময়ৰ যেন লাগিছে যিবোৰ পৰৱৰ্তী পৰ্যালোচনাৰ বাবে লোৱা হৈছে। বৰ্তমানলৈকে উদ্ধাৰ কৰা শ্ৰেণীবদ্ধ নথিপত্ৰবোৰ অস্পষ্ট, অৱশ্যে জানুৱাৰীৰ অনুসন্ধানৰ সময়ত কমেও এক ডজন তথ্য পোৱা গৈছে।"
Comments