গুৱাহাটী,৩ ফেব্ৰুৱাৰী:ৰাজ্যত ক্ষীপ্ৰ গতিত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । অভিযান কালত বেআইনী স্বামীকে ধৰি ৭৫০ গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
বৃহস্পতিবাৰৰ নিশাই অসম আৰক্ষীয়ে ৰাজ্যখনৰ জিলাই জিলাই চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় বহু সংখ্যক স্বামীক । বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত বেআইনী স্বামীকে ধৰি ৭৫০ গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ শুক্ৰবাৰে পুৱা ৯ বজালৈ বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী জিলাত ১৩৫ জন, কোকৰাঝাৰ জিলাত ৮৫ জন, বঙাইগাঁও জিলাত ১৭ জন, চৰাইদেউ জিলাত ৪৯ জন, মৰিগাঁও জিলাত ৬০ জন, ওদালগুৰি জিলাত ৩০ জন, নলবাৰী জিলাত ৩৪ জন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি, যোৰহাট, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে ২৫ জন, ৫৩ জন আৰু ৬৭ জন স্বামী ৷ ইয়াৰ লগতে, বৰপেটা জিলাত ৮৮ জন, মাজুলী জিলাত ১৬ জন , দৰং জিলাত ৩৩ জন আৰু হোজাই জিলাত ৯১ জন বাল্য বিবাহ কৰা বেআইনী স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুৱা সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰা তথ্য অনুসৰি অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছিল ৪০০৪ টা গোচৰ । এওঁলোকৰ বিৰুদ্ধে শুক্ৰবাৰৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জানিবলৈ দিছিল ৷ লগতে, ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান সন্দৰ্ভত বৃহস্পতিবাৰৰ নিশা আৰক্ষী অধীক্ষকসকলৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত অংশগ্ৰহণ কৰি নিজ নিজ জিলাত আৰক্ষী অধীক্ষকসকলক ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছিল । বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।উল্লেখনীয় যে, অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত ৰুজু হৈছে সৰ্বাধিক গোচৰ । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা ।
Comments