Cartoon
View Older
গুৱাহাটী,৩ ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৃহস্পতিবাৰে নিশাৰে পৰা আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে প্ৰায় ৭৫০ গৰাকী লোকক ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷
পুৱতি নিশাই আৰক্ষীয়ে চলোৱা অভিযানত বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ লগত জড়িত থকা ২৭ জন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ সমান্তৰালভাৱে টিলাপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে ৯ জন বেআইনী স্বামী ।
বিলাসীপাৰাৰ লক্ষীগঞ্জ, নয়াহাট, বামুণপাৰা, হাতীপোতা, কাঠালদি, ছুৱাপাতা, চিৰাকুটা, সোনামুখী, টিলাপাৰা, সন্তোষপুৰ আদি গাঁৱত আৰক্ষীয়ে চলাইছিল বাল্য বিবাহ বিৰোধী এই অভিযান ৷ এই অভিযানত বাল্য বিবাহৰ লগত জড়িত মুঠ ৩৬ গৰাকীকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰু শালকোচা আৰক্ষী ।
Comments