Cartoon
View Older
গুৱাহাটী,৩ ফেব্ৰুৱাৰী:ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধংদেহী তৎপৰতা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো কলগাছিয়া আৰক্ষীয়ে নিশাৰ ভিতৰত বিভিন্ন ঠাইত অভিযান চলাই পাঁচজন দৰা, দৰাৰ সম্পৰ্কীয় আঠজন, কন্যাৰ সম্পৰ্কীয় দুজন আৰু দুগৰাকী কাজীসহ সৰ্বমুঠ ১৭ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে।
Comments