Cartoon
View Older
গুৱাহাটী,৩ ফেব্ৰুৱাৰী:বাল্য বিবাহৰ ভয়ংকৰ তথ্যই জোকাৰিছে ৰাজ্য ৷ এনে পৰিপেক্ষিতত ৰাজ্যত সামাজিক ব্যাধি বাল্য বিবাহ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই অসম আৰক্ষী হৈ পৰিছে তৎপৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে হোজাইতো আৰক্ষীয়ে অভিযান চলাই মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা ৩০ ৰো অধিক লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
শেহতীয়াকৈ হোজাই থানাৰ অন্তৰ্গত দক্ষিণ বিদ্যানগৰৰ পৰা ক্ৰমে ৰাজেশ ৰয়, উত্তৰ বিদ্যানগৰৰ পৰা বিপ্লৱ সাহা, ৰাধানগৰৰ পৰা সুজন চৰকাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে লংকা থানাৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ পৰা আব্দুল গনি, পূব উদালিৰ আব্দুল হান্নান, বামুন গাঁৱৰ দীপাংকৰ নাথ, তথা তেওঁৰ পিতৃ উমেন্দ্ৰ নাথ, তাহিৰ আলী লস্কৰ, অৱজল আলী, ফকৰ উদ্দিনসহ বহু লোকক আটক কৰিবলৈ সক্ষম হৈছে ।
Comments