Cartoon
View Older
গুৱাহাটী,৩ ফেব্ৰুৱাৰী:পুনৰ আমূলে বৃদ্ধি কৰিলে গাখীৰৰ মূল্য।মাদাৰ ডেইৰীয়ে গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছত এতিয়া আমূলে গাখীৰৰ দামও বৃদ্ধি কৰিছে।এইবাৰ আমূলে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি কৰিছে।গুজৰাটৰ দুগ্ধ সমবায় আমুলে আজিৰ পৰা সতেজ গাখীৰত প্ৰতি লিটাৰত ৩ টকালৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
৩ ফেব্ৰুৱাৰীৰ পৰা আমুল পাউচ গাখীৰৰ সকলো প্ৰকাৰত মূল্য বৃদ্ধি কৰা হৈছে।এই বৃদ্ধিৰ পিছত আমুল গোল্ডৰ মূল্য প্ৰতি লিটাৰত ৬৩ টকাৰ পৰা ৬৬ টকালৈ বৃদ্ধি পাইছে।একেদৰে ১ লিটাৰ আমূল তাজাৰ বাবে এতিয়া ৫৪ টকা দিব লাগিব।
একে সময়তে আমূলৰ গৰুৰ গাখীৰৰ বাবে ৫৬ লৈ বৃদ্ধি পাইছে।কোম্পানীটোৱে জনোৱা মতে, বৃদ্ধি পোৱা খৰচৰ পৰিপ্ৰেক্ষিতত গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছে।
Comments