Cartoon
View Older
গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ ম্যানমাৰস্থিত আলফা (স্বা)ৰ এজন জ্যেষ্ঠ নেতাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ৪৮ বছৰীয়া মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে সংগ্ৰাম শইকীয়াই অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি আৰক্ষী মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বাসিন্দা আলফাৰ নেতাজনে ১৯৯৭ চনত সংগঠনটোত যোগদান কৰে আৰু ম্যানমাৰৰ শিবিৰত অস্ত্ৰ আৰু চিকিৎসা প্ৰশিক্ষণ লাভ কৰিছে বুলি আৰক্ষীক জানিবলৈ দিয়ে।
আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় যে, "সংগ্ৰাম শইকীয়াই সংগঠনটোৰ প্ৰায় ৭০০ কেডাৰক অস্ত্ৰ প্ৰশিক্ষণ আৰু ১৫০ জন কেডাৰক চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। তেওঁ আলফা (স্বা)ৰ মুৰব্বী পৰেশ বৰুৱা আৰু সংগঠনটোৰ আন জ্যেষ্ঠ নেতাসকলৰ ঘনিষ্ঠ সহযোগী আছিল আৰু ২০১৮ চনত তেওঁক মেজৰ হিচাপে পদোন্নতি দিয়া হয়।
Comments