গুৱাহাটী,৩ ফেব্ৰুৱাৰী:ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে মাৰবান্ধি দি থিয় দিছে অসম আৰক্ষী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ সম্পন্ন কৰা স্বামীসকলৰ বিৰুদ্ধে অভিযানৰ নিৰ্দেশনা দিয়াৰ পিচতেই আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰ পৰা কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই অভিভাৱকসহ ৬৭ গৰাকীকৈ লোকক আটক কৰে ৷
গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত অভিভাৱক সহ ৪ জন, গোৱালপাৰা সদৰ থানাত ৩ জন, জলেশ্বৰ আৰক্ষী থানাত ২ জন , মৰনৈ আৰক্ষী থানাত ৭ জন, মাটিয়া আৰক্ষী থানাত ১১ জন, আগিয়া থানাত ৪ জন, দুধনৈ আৰক্ষী থানাত 9 জন, ধূপধৰা থানত ৭ জন, কৃষ্ণাই থানাত ৩ জন, ৰংজুলি থানাত ৭ জন আৰু বগুৱান থানাত ৩ জনক ধৰি মুঠ ৬৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।এই সন্দৰ্ভত গোৱালপাৰা আৰক্ষী অধীক্ষক পি ভি আৰ ৰেড্ডীয়ে জনোৱা মতে গোৱালপাৰা জিলাৰ বিভিন্ন থানা সমূহত ইতিমধ্যে ১৫৭ টাকৈ বাল্য বিবাহৰ গোচৰ ৰুজু হৈছে ।
এতিয়াও বাল্য বিবাহৰ লগত জড়িত বহু অবৈধ স্বামীসহ অভিভাৱক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷ অনাগত দিনত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব । উল্লেখ যে,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি জনাইছে গোৱালপাৰা জিলাৰ সচেতন ব্যক্তিসকলৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলা যুৱ মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকে।
তেওঁ সংবাদমাধ্যমক জানিবলৈ দিয়ে যে আমি মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক একমুখে সলাগ লৈছো ৷ গোৱালপাৰা জিলাত যিমান বাল্য বিবাহ কৰা লোক আছে অথবা ইয়াৰ লগত জড়িত যিসকল লোক আছে তেওঁলোককো গ্ৰেপ্তাৰ কৰি শাস্তি বিহিব লাগে ৷ লগতে এই অভিযান কেৱল চাৰি বা পাঁচ দিনতে সীমিত নাৰাখি অনাগত দিনত বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকে যেন ৷
Comments