গুৱাহাটী,৩ ফেব্ৰুৱাৰী:বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অসম আৰক্ষীৰ উদ্যোগত বাল্য বিবাহ বিৰোধী অভিযান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিবলৈ অসম আৰক্ষীক নিৰ্দেশনা প্ৰদানৰ পিচতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো চলিল বাল্য বিবাহ বিৰোধী অভিযান ৷
বৰ্তমানলৈ জিলাখনত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছে ২৫ জনৰ বিৰুদ্ধে । একেদৰে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । বাল্য বিবাহৰ ঘটনাৰ সৈতে জড়িত থকা অপৰাধত সমগ্ৰ ৰাজ্যতে ৰুজু হৈছে ৪০০৪ টা গোচৰ ৷ ইয়াৰ পিচতে অসম আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰে পৰা বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰিছে মাৰাথান অভিযান ।
বাল্য বিবাহৰ দৰে বে-আইনী কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত আৰক্ষীয়ে ৰাজ্য জুৰি চলোৱা অভিযান কালত আটক কৰিছে শ শ লোকক । শিক্ষিত জিলা হিচাপে বিশেষ সুনাম থকা যোৰহাট জিলাতো বাল্য বিবাহত লিপ্ত থকাৰ অপৰাধত ২৫ জনৰ বিৰুদ্ধে গোচৰ ৰজু হোৱাৰ বিপৰীতে আৰক্ষীৰ জিম্মাত আছে ।
Comments